এইবাৰ নাৰীৰ প্ৰতিবাদৰ ভাষা হ’ল মুণ্ডন

ডিজিটেল ডেস্কঃ স্বাধীনতাৰ হকে আত্মবলিদান দিয়া অসম কন্যা কনকলতাৰ ৰাজ্যত আকৌ গৰজি উঠিল প্ৰতিবাদৰ ধ্বনি। আকৌ এবাৰ নাৰী শক্তিৰ প্ৰতিবাদৰ ভাষাই কপাই গ’ল সমগ্ৰ ৰাজ্য৷

স্বাধীনতাকামী নাৰীয়ে দেখুৱাই দিলে নাৰীৰ শক্তি৷ ঘৰৰ গৃহিনী নহয়, এইবাৰ নাৰী প্ৰতিবাদৰ ভাষা হৈ ওলাই আহিল ৰাজপথলৈ৷ সেয়াও এক অনন্য ৰূপত৷ খিলঞ্জীয়াৰ হকে প্ৰতিবাদ জনাই নাৰীয়ে কৰিলে মুণ্ডন৷

আজি দিঘলী পুখুৰী পাৰত স্বাধীন নাৰী শক্তি সংগঠনে খিলঞ্জীয়াৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰ, অনা-ওসমীয়াই চলোৱা আক্ৰমণ আদি বিভিন্ন কাৰ্যৰ প্ৰতিবাদ জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷

মূৰৰ চুলি খুৰাই ব্যতিক্ৰমীতাৰে প্ৰতিবাদ সাব্যস্ত কৰি স্বাধীন নাৰী শক্তি নামৰ সংগঠনটোনে প্ৰমাণ  কৰি দিলে যে নাৰী কেৱল ঘৰৰ গৃহিনী নহয়, নাৰী কনকলতাও, নাৰী মা দূৰ্গাও৷

স্বাধীন নাৰী শক্তিৰ এনে আভিনৱ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷