হৰিণাই চেলেকে বাঘৰ গাল, স্বামীক নিৰ্যাতন পত্নীৰ, মহিলা সমিতিক অভিযোগ স্বামীৰ

কোকৰাঝাৰঃ কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল৷ এই আপ্ত বাক্যশাৰী আপুনি হয়তো বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে৷ কিন্তু আকৌ এবাৰ এই আপ্ত বাক্যশাৰীক সত্য প্ৰমাণ কৰিলে এগৰাকী মহিলাই৷ ৰাজ্যত নাৰী নিৰ্যাতন বাঢ়ি অহাৰ সময়তে এইবাৰ কোকৰাঝাৰত মহিলাৰ হাতত নিৰ্যাতনৰ বলি হ'ল পুৰুষ। কোকৰাঝাৰ সদৰ থানাাৰ অন্তৰ্গত বালাজান তিনিআলি নিৱাসী তথা দুই সন্তানৰ পিতৃ পুলেন নাথ (২৮)নামৰ ক্ষুদ্ৰ ব্যৱসায়ী যুৱকগৰাকী নিজৰ স্ত্ৰীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি সুবিচাৰৰ বাবে কোকৰাঝাৰ উত্তৰ খণ্ড আঞ্চলিক নাথ যোগী মহিলা সন্মিলনীৰ কাষ চাপে।

স্ত্ৰীৰ নিৰ্যাতনৰ কথা বিতংভাৱে লিখি আৱেদনসহ মহিলা সন্মিলনীৰ কাষ চপাত দেওবাৰে উত্তৰখণ্ড আঞ্চলিক নাথ যোগী সন্মিলনীৰ উদ্যোগত ভূটীয়াপাৰা শিৱশক্তি ভৱনত এক সভা অনুষ্ঠিত হয়। প্ৰথম পৰ্যায়ত উক্ত সভাত পুলেন নাথৰ পত্নী সনীতা নাথ(২৫) উপস্থিত নোহোৱাত মহিলাসকলে ঘৰৰ পৰা সনীতা নাথক ধৰি লৈ আহে। ছখন গাঁৱৰ কেইবা শতাধিক মহিলাৰ উপস্থিতত অনুষ্ঠিত হোৱা সভাতে নিৰ্যাতনৰ বলি হোৱা পুলেন নাথে তেওঁৰ স্ত্ৰীয়ে তেওঁক প্ৰায়ে প্ৰহাৰ কৰে বুলি সভাত উল্লেখ কৰি সুবিচাৰৰ আহ্বান জনায়।

উক্ত সভাতে পত্নীৰ প্ৰহাৰৰ ফলত পুলেন নাথৰ দেহৰ বিভিন্ন অংশত ৰৈ যোৱা ক'লা দাগসমুহ উপস্থিত মহিলাসকলে প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে আৰু আসুৰিক প্ৰকৃতিৰ সনীতা নাথৰ কাৰ্যক ধিক্কাৰ দিয়ে। মহিলা সন্মিলনীয়ে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সনীতা নাথক সঁকিয়নি প্ৰদান কৰি সুখেৰে সংসাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। ইয়াৰোপৰি মহিলা সমিতিয়ে সনীতা নাথক বুজনিও প্ৰদান কৰে আৰু নিজ স্বামীৰ ওপৰত এনে বৰ্বৰ কাৰ্যই সংসাৰত কেনেধৰণৰ বেয়া প্ৰভাৱ পেলায় সেই সন্দৰ্ভতো বুজনি দিয়ে।

কোকৰাঝাৰ ভূটীয়াপাৰাৰ শিৱশক্তি ভৱনত অনুষ্ঠিত হোৱা সভাত সনীতা নাথে নিজৰ দোষ স্বীকাৰ কৰি ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে। লিখিত পত্ৰত সনীতা নাথে ভৱিষ্যতে তেওঁৰ স্বামী আৰু শহুৰেকৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন নচলাও বুলি উল্লেখ কৰি অন্যথা তেওঁ আইনগতভাৱে দোষী সাব্যস্ত হ’ব বুলি উল্লেখ কৰে।

সভাৰ অন্তত পত্নীৰ ভয়ত আতুৰ হৈ থকা পুলেন নাথে এক অনিশ্চিত ভৱিষ্যতৰ কথা ভাৱি ভাৱি পুণৰাই পত্নীৰ পিছে পিছে স্বগৃহ অভিমুখে যাত্ৰা কৰে। সভাত উত্তৰখণ্ড আঞ্চলিক নাথ যোগী মহিলা সমিতিৰ সভানেত্ৰী পূৰ্ণিমা নাথ, সম্পাদিকা প্ৰীতিলতা নাথকে ধৰি মহিলা সমিতিৰ প্ৰায় সকলো বিষয়-ববীয়া আৰু ছখন গাঁৱৰ পৰা কেইবা শতাধিক মহিলা উপস্থিত থাকে।