ডাম্পাৰৰ অতপালি, ৰাজপথলৈ ওলাই আহিল শতাধিক

টিংখাংঃ অৱশেষত টিংখাঙৰ ৰাজপথত ওলাই আহিল আবাল-বৃদ্ধ-বনিতা৷ জকাইচুকৰ সাধাৰণ ৰাইজৰ দাবীক বাৰে বাৰে উপেক্ষিত কৰা প্ৰশাসনৰ বিৰুদ্ধে আজি ডিব্ৰুগড় জিলাৰ টিংখাঙ সমষ্টিৰ অন্তৰ্গত ধোৱাপথাৰ, ৰংছোৱাল, বাংলাবাৰী গাঁৱৰ ৰাইজে ঐতিহাসিক মাহমৰা পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰংছোৱাল-পানীবিল-হৈ নামৰূপ সংযোগী ঐতিহাসিক পথটোত  শতাধিক পুৰুষ-মহিলাই পথ অৱৰোধ কৰি নিৰ্মীয়মান ৫২নং বি ৰাষ্ট্ৰীয় ঘাই পথৰ শিল বালি কঢ়িওৱা ডাম্পাৰৰ চলাচল বন্ধ কৰাৰ দাবী জনায়৷

ৰংছোৱাল-পানীবিল পথটো শিল বালি কঢ়িওৱা ডাম্পাৰ সমুহে বিধ্বস্ত কৰি পেলোৱাত ৰাইজে যাতায়তৰ দুৰ্ভোগ ভুগি আহিছে।

পথছোৱাত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গা’তবোৰত পৰি ইতিমধ্যেই কেইবাজনো লোক আহত হ’ব লগা হৈছে। প্ৰতিবাদকাৰীসকলে গধুৰ গাড়ীবোৰ নিতৌ চলাচল কৰি থকাৰ বাবে পথটো বিধ্বস্ত হৈ পৰা অভিযোগ কৰে।

যাৰ ফলত আজি ৰাইজ ৰাজ পথলৈ ওলাই আহি শিল বালি ভৰ্তি ৮ খনকৈ ডাম্পাৰ আৱদ্ধ কৰে। ৰাইজে শীঘ্ৰ ঐতিহাসিক পথটো মেৰামতি কৰি যাতায়াতৰ বাবে উপযোগী কৰি তুলিবলৈ দাবী জনায়।