মডেল বিটিচিৰ সদৰত জৰাজীৰ্ণ কাঠৰ দলং, হাগ্ৰামাৰ বিটিচি কৰ্তৃপক্ষই নহয় মেৰামতি কৰিলে এবছুৱে

newsnextone.com | পৰ্বতঝোৰাঃ বিটিএডি এলেকাৰ ৰাইজক মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা মহিলাৰীৰ বিটিচিত এতিয়া ৰাইজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিব লগা হৈছে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সময়ে সময়ে মডেল বিটিচিৰ শ্ল’গান দিয়ে যদিও সেয়া শ্ল’গানতে আৱদ্ধ হৈ আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

আজিও বিটিচিৰ চাৰিখন জিলাত বহু নৈত দলং নথকাৰ ফলত ৰাইজে নাঁৱেৰে নৈ পাৰ হ’ব লগা হয়৷ বহু গ্ৰাম্য পথ পথাৰে নে পথেই চিন চাব নোহোৱা হৈছে৷ সভা-সমিতিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী তথা অন আন কাৰ্যবাহীসকলে উন্নয়নৰ ফটাঢোল কোবাই আহিছে যদিও সেয়া ফুটুকাৰ ফেনহে মাথো৷ বিশেষকৈ বিটিএডিৰ একাংশ এলেকাৰ বাট-পথৰ অৱস্থা বহু বেয়া৷

অসম চৰকাৰ আৰু বিটিচি কৰ্তৃপক্ষই গ্ৰাম্য অঞ্চলৰ পথ মেৰামতি তথা নিৰ্মাণৰ বাবে বহু আঁচনি ৰূপায়ন কৰিছে যদিও কোটি কোটি টকা মুকলি কৰি দিয়াৰ পিছতো বহু এলেকাক এনে আঁচনিয়ে ঢুকি পোৱা নাই৷ এতিয়াও জৰাজীৰ্ণ বাটপথৰ সমস্যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে কোকৰাঝাৰ জিলাৰ ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ দেবীতোলা উন্নয়ন খণ্ডৰ মংগলাঝোৰা অঞ্চলবাসীয়ে৷ এই অঞ্চলটোৰ বহু ভিচিডিচিত আঁচনি ৰূপায়ন হোৱা দেখা নাযায়৷ 

বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাৰ ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ দেবীতোলা উন্নয়ন খণ্ডৰ মংগলাঝোৰা অঞ্চলৰ ৰাইজে এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি বহিঃজগতৰ সৈতে যোগাযোগ কৰাত বিপদত পৰি আহিছে৷ খৰালি-বাৰিষা সমানে বিপদত পৰে৷ কাঠৰ দলং এখনেৰে আহ-যাহ কৰে যদিও দুই-তিনিমাহৰ মূৰে মূৰে ৰাইজে নিজেই দলং খন মেৰামতি কৰিব লগা হয়৷ দীৰ্ঘ দিন ধৰি ৰাইজে দলং খন নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও বিটিচি কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷

১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মংগলাঝোৰা ভিচিডিচিৰ এলেকাত যাতায়ত ব্যৱস্থাৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে এই অঞ্চলটোত কোনো আঁচনি ৰূপায়ন নকৰাৰ অভিযোগ উত্থাপন হয়৷ হাগ্ৰামা মহিলাৰীয়ে মডেল বিটিচিৰ ঢাক-ঢোল বজাই থাকিলেও মংগলাঝোৰাৰ জৰাজীৰ্ণ কাঠৰ দলঙকে ধৰা পথৰ অৱস্থাই হাগ্ৰামাৰ মডেল বিটিচিৰ প্ৰকৃত স্বৰূপ ওলাই পৰে৷

বিপিএফে যোৱা তিনিটা কাৰ্যকাল বিটিচি শাসন কৰি আহিছে যদিও ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পৰা বিপিএফ দলৰ প্ৰাৰ্থী জয়লাভ নকৰাৰ বাবেই অঞ্চলটোৰ উন্নয়নৰ কাম নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ বৃহত্তৰ মংগলাঝোৰা অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা উন্নত কৰাৰ বাবে অসম চৰকাৰ বিটিচি কৰ্তৃপক্ষক আশা কৰি নাথাকি ইউপিপি দল আৰু এবছুৰ মংলাঝোৰা আঞ্চলিক সমিতিয়ে জৰাজীৰ্ণ কাঠৰ দলং মেৰামতি কৰে৷ যিকাম কৰিব লাগিছিল বিটিচি কৰ্তৃপক্ষই কিন্তু উন্নয়নৰ কাম কৰিব লগা হৈছে এবছুৱে৷

স্বাধীনতাৰ ৭২বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈ পথটো মেৰামতি নকৰাৰ লগতে পথ-দলং খন পকী নকৰাৰ অভিযোগ উত্থাপন কৰে৷ জনপ্ৰতিনিধিয়ে পথটো মেৰামতি তথা নিৰ্মাণৰ বাবে আজিলৈ একো আঁচনি হাতত নললে৷ অঞ্চলবাসীয়ে বাৰে বাৰে ভিচিডিচিৰ সভাপতি, বিধায়কক আবেদন-নিবেদন কৰি আহিছে যদিও কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত পথটো জৰাজীৰ্ণ হৈয়ে থাকিল৷ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ পথটোৰে নিতৌ শ-শ লোক আহ-যাহ কৰে৷ অৱশেষত অঞ্চলটোৰ লোকে হাতে হাতে কোৰ লৈ জৰাজীৰ্ণ পথটো মেৰামতি কৰিবলৈ ওলাই আহে৷ পুৰুষ-মহিলাসকলে ওলাই আহি জৰাজীৰ্ণ পথ-দলং মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তোলে৷