আকৌ কাঠৰ দলং, ১ কৌটি ৪২ লাখ টকা ব্যয়েৰে বিটিচিত নিৰ্মাণ হ’ব কাঠৰ দলং

গোৰেশ্বৰঃ সোমবাৰে বাক্সা জিলাৰ নাওকাটাত এখন কাঠৰ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী গনেশ কছাৰীয়ে৷ বছৰ বছৰ ধৰি ৰাইজে নাওকাটা-নিজঝাৰগাঁও পথৰ শুক্লাই নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবহী জনাই আহিছে যদিও অৱশেষত ১ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰিব এখন কাঠৰ দলং৷ ৰাইজে শুক্লাই নৈত গাঁঠিৰ ধৰ ভাঙি বছৰ বছৰ ধৰি বাহৰ দলং নিৰ্মাণ কৰি আহ-যাহ কৰি আহিছে যদিও বিটিচি প্ৰশাসনে তথা অসম চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল৷

অৱশেষত বিটিচিৰ কাৰ্যবাহী গনেশ কছাৰীৰ সমষ্টিৰ ১ কোটি ৪২ লাখ টকা ব্যয় সাপেক্ষে কাঠৰ দলং নিৰ্মাণ কৰাৰ বাবে সোমবাৰে আধাৰশিলা স্থাপন কৰে৷ কাঠৰ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি গনেশে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হীৰা শৰণীয়াই ২০১৯ৰ লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি কয়। ইতিমধ্যে সমষ্টিটোৰ অন্তৰ্গত বিটিএডিৰ পৰিষদীয় সমষ্টিৰ সদস্যসকলে সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে ৰাজনৈতিক অভিযান।

সাংসদ হৈ নিৰ্বাচিত হ'লে বিটিচি ভংগ কৰিম, বিটিচিৰ পৰা গাঁও কৰ্তন কৰিম বুলি প্ৰতিশ্ৰুতি দি এতিয়া তেওঁ কিয় দিল্লীলৈ গৈ এই কথা ক'বলৈ সাহস হোৱা নাই বুলি ওভতি ধৰে গনেশ কছাৰীয়ে সাংসদ হীৰাক । তেওঁ আৰু কয় যে বিটিচি অকল বড়ো সকলৰ বাবে নহয়, সকলো জাতি ভাষা-ভাষী ধৰ্মাৱলম্বী লোকসকলৰ বাবে। ইয়াৰ মাটিৰ ওপৰত সকলোৰে অধিকাৰ আছে, ভাষা সুৰক্ষিত আছে, সংস্কৃতি সুৰক্ষিত আছে আৰু থাকিব লাগে।

আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত সভাৰ আঁত ধৰে দিগন্ত বেজবৰুৱাই। বাস্কা জিলাৰ গোৰেশ্বৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাৰ পৰা নিজঝাৰগাওঁলৈ যোৱা পথত শুক্লাই নৈৰ ওপৰত মুঠ ১ কোটি ৪২ লাখ টকাৰে এখন ১৩৩ মিটাৰ দৈৰ্ঘ্যৰ কাঠৰ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে শুক্লাই চেৰফাং সমষ্টিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে।

সভাত অঞ্চলটোৰ কেবাজনো বিশিষ্ট ব্যক্তিৰ লগতে বিপিএফ দলৰ কেবাজনো নেতা- কৰ্মী উপস্থিত থাকে। দলংখন নিৰ্মাণ হৈ উঠিলে অঞ্চলটোৰ জনসাধাৰণৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব। বৰ্তমান ইয়াত থকা বাঁহৰ দলং টকা দিহে পাৰ হোৱাৰ ব্যৱস্থাৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। একাংশ লোকে কাঠৰ নিৰ্মাণ কৰাৰ ফলত দুবছৰ পিছত ভাঙি-ছিঙি নোহোৱা হৈ পূৰ্বৰ দৰেই পৰিবেশ হ’ল বুলি কয়৷