
newsnextone.com | গোৰেশ্বৰঃ মডেল বিটিচিত এখন কাঠৰ দলং নিৰ্মাণ কৰাৰ বাবে ধনৰ আৱণ্টন দিয়া হৈছে৷ দেশ তথা ৰাজ্যৰ পৰা কাঠৰ দলং নোহোৱা কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ সময়তে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মহৰিপাৰাৰ সমীপত গান্ধীচ'ক-চেনীগাওঁ গড়কাপ্তানি পথৰ শুক্লাই নৈৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰাৰ বাবে আঁচনি ৰূপায়ন কৰে৷
যোৱা প্ৰায় দুটা দশক ধৰি ৰাইজে বাঁহৰ দলঙেৰে আহ-যাহ কৰি আহিছে যদিও এখন কাঠৰ দলং নিৰ্মাণ কৰিছিল বিটিচিৰ এগৰাকী কাৰ্যবাহীৰ নেতৃত্বত৷ কাঠৰ দলং খন মেৰামতি নকৰাত জহি-খহি যোৱাত দলং খন থাকিও নথকাৰ দৰে হৈছিল৷ দলঙৰ দুয়ো মূৰৰ মাটি খহাই নিয়াত আৰু কাঠ সমূহ জহি-খহি যোৱাত চাইকেল হে পাৰ কৰিব পৰা পৰিৱেশ হৈছিল দলং খনত৷ ৰাইজে দাবী জনোৱাত পুনৰ কাঠৰ দলঙৰ বাবে ধনৰ আৱণ্টন দিয়ে যদিও দীৰ্ঘ সময় ধৰি নিৰ্মাণ সমাপ্ত কৰিব নোৱাৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰাইজে৷
লেহেমীয়া গতিত নিৰ্মাণ কৰাৰ লগতে নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি সমৰজ্যোতি ডেকাই দলং নিৰ্মাণ আৰু মেৰামতিত ঠিকাদাৰে গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে।
ধীৰেণ ডেকা নামৰ ঠিকাদাৰ জনে নিজ মইমতালিৰে দলং নিৰ্মাণ কৰাত যাতায়াতত যাতনা ভোগ কৰিব লগা হৈছে প্ৰায় কেইবাখনো গাঁৱৰ প্ৰায় ২৫ হাজাৰ লোকে। চেনীগাঁও, নাথকুছি, খৈৰাবাৰী, বড়িগাঁও, বেটাগাঁৱকে ধৰি কেইবাখনো গাঁৱৰ লোকে আহ-যাহ কৰা দলং খন বিগত সময়ত নিৰ্মাণ কৰা হৈছিল যদিও নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাত কম সময়তে যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে।
স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, পথচাৰীসকলে এতিয়া দলংখনৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ আনহাতে পুনৰ দলংখন মেৰামতিৰ বাবে একেজন ঠিকাদাৰকে বিটিচি চৰকাৰে দায়িত্ব দিয়ে। এইবেলিও পুনৰ নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ লগতে লেহেম গতিৰে দলং মেৰামতি কৰি অহাত বাৰিষা কাল নাৱেৰে আহ-যাহ কৰিব লাগিব বুলি কয় ৰাইজে৷
কোনো ধৰণৰ ৰেলিং নিদিয়াকৈ দলং নিৰ্মাণ কৰাত দলং খনত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে৷ শীঘ্ৰে দলং খনৰ নিৰ্মাণকাৰ্য সমাপ্ত কৰি উন্নত সা-সামগ্ৰী ব্যৱহাৰ কৰিবলৈ দাবী জনাই সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।