চাৰিদুৱাৰত বন বিভাগৰ অভিযানত কাঠ ভৰ্তি ট্ৰাক জব্দ

তেজপুৰ টাউনঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত বন বিভাগে অভিযান চলাই এখন অবৈধ মূল্যবান কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ অৰুণাচলৰ পৰা কাঠ কঢ়িয়াই অনা ট্ৰাক AS-13-C-3644 নম্বৰৰ ট্ৰাক খন তেজপুৰ অভিমুখে আহি থকা অৱস্থাত চাৰিদুৱাৰত বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয়৷

আনহাতে অৰুণাচলৰ কাঞ্চা টামাং, মনোজ থাপা অাৰু সঞ্জয় টামাং তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় বন বিভাগে৷ চাৰিদুৱাৰ বনাঞ্চলিক বিষয়া গৌৰীশংকৰ ভূঞাৰ নেতৃত্বত চলা অভিযানত জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় ২ লাখ ২৫ হাজাৰ টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে।