ইউনিক প্ৰডাকশ্যনৰ অভিনয়ৰ কৰ্মশালা

দলংঘাটঃ সাংস্কৃতিক অনুষ্ঠান ইউনিক প্ৰডাকশ্যনে দৰং জিলাৰ দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ১৫ দিনীয়া অভিনয় কৰ্মশালা অনুষ্ঠিত কৰে৷

কৰ্মশালাত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনয়ৰ শিক্ষা দিয়ে অভিনেতা মনোজ কাশ্যপ বৰুৱা, অমৰেন্দ্ৰ বৰুৱা আৰু নাট্যকৰ্মী-পৰিচালক গোপী কলিতাই।

কৰ্মশালাত অংশ লোৱা ছাত্ৰ-ছাত্ৰীক চুটি ছবি আৰু ভিডিঅ' গীতত অভিনয় কৰাৰ সুবিধা প্ৰদান কৰা হ’ব বুলি ইউনিক প্ৰডাকশ্যনৰ অধ্যক্ষই জানিবলৈ দিছে।

ইউনিক প্ৰডাকশ্যনে জীৱন ডট কম নামৰ এখন ছিৰিয়েল ইউটিউবত মুকলি কৰি জনপ্ৰিয়তা অৰ্জন কৰা বুলিও কয় অধ্যক্ষজনে।