চাকৰিলৈ বাট নাচাব, বৈজ্ঞানিকভাৱে গাহৰি, কুকুৰা আৰু ছাগলী ইত্যাদিৰ ফাৰ্ম খোলকঃটেঙাৰু

কোকৰাঝাৰঃ ভয়াৱহ নিবনুৱা সমস্যাই কোঙা কৰা যুৱক যুৱতীসকলে বিজ্ঞানসন্মতভাৱে পোহনীয়া জীৱ জন্তুৰ পালন কৰি স্বাৱলম্বনৰ বাট মোকলাব পাৰে।বৈজ্ঞানিকভাৱে গাহৰি, হাঁহ, কুকুৰা, ছাগলী পালন কৰি নিবনুৱা সমস্যা সমাধান হোৱাৰ লগতে আৰ্থিক স্বাৱলম্বীতাও লাভ কৰিব পাৰি। এই মন্তব্য মাইনাউ এগ্ৰো প্ৰডিউচাৰৰ্চ কো-অপাৰেটিভ ছচাইটি লিমিটেডৰ অধ্যক্ষ টেঙাৰু বসুমতাৰীৰ। 

নিবনুৱাসকলক স্বাৱলম্বীতাৰ পথ দেখুওৱাৰ উদ্দেশ্যে "মাইনাউ এগ্ৰো প্ৰডিউচাৰৰ্চ কো-অপাৰেটিভ ছচাইটি লিমিটেড"ৰ উদ্যোগত কোকৰাঝাৰত আয়োজিত পোহনীয়া জীৱ জন্তু পালন প্ৰশিক্ষণ শিবিৰৰ শনিবাৰে সামৰণি পৰে৷ 

সামৰণি অনুষ্ঠানত উক্ত মন্তব্য প্ৰকাশ কৰিছে মাইনাউ এগ্ৰো প্ৰডিউচাৰৰ্চ কো-অপাৰেটিভ ছচাইটি লিমিটেড"ৰ অধ্যক্ষ টেঙাৰু বসুমতাৰীয়ে। অসম পশুধন ও কুকুৰা নিগম সমিতিৰ সহযোগত চলিত মাহৰ ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা শিবৰৰ অন্তিম দিনৰ প্ৰশিক্ষণ শিবিৰত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বিভিন্ন আত্মসহায়ক গোটৰ মুঠ ৩১৫ জন সদস্যই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে।

 প্ৰশিক্ষণ শিবিৰত মুলত বৈজ্ঞানিকভাৱে কেনেদৰে গাহৰি, কুকুৰা আৰু ছাগলী পালন কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। উক্ত প্ৰশিক্ষণ শিহিৰৰ অন্তিম দিনা মাইনাউ এগ্ৰো প্ৰডিউচাৰৰ্চ কো- অপাৰেটিভ ছচাইটি লিমিটেড"ৰ অধ্যক্ষ টেঙাৰু বসুমতাৰীয়ে চৰকাৰী চাকৰিলৈ বাট নেচাই বৈজ্ঞানিকভাৱে গাহৰি, কুকুৰা আৰু ছাগলী ইত্যাদি ফাৰ্ম খুলি শিক্ষিত নিবনুৱাসকলক আৰ্থিক ভাৱে স্বাৱলম্বী হবলৈ আহ্বান জনায়।