শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতৰ প্ৰশিক্ষণ

newsnextone.com | নগাঁওঃ সত্তৰ দশকতে জগত গুৰুজনাৰ সৃষ্টি কৃষ্টি, বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ অধ্যয়ন, গৱেষণাৰ লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অহা ১৬-২২ জুলাইলৈ সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুত, পুথি সংৰক্ষণ, অধ্যয়ন আৰু হেঙুল হাইতালৰে শংকৰী চিত্ৰ শৈলী অংকনৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হ’ব। 

বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাত অংশগ্ৰহণৰ বাবে আগ্ৰহী লোকসকলক আহ্বান জনাইছে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা আৰু বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সৌৰভ পানী ফুকনে। কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক ব্যক্তিক ৭৮৯৬৩০৭৫৪৭ আৰু ৭০০২৭৭৪৮৬৬ নম্বৰত যোগাযোগৰ বাবে অনুৰোধ জনাইছে উদ্যোক্তাসকলে।