ডিফুত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত সজাগতা শিবিৰ

ডিফুঃ অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত আৰু কাৰ্বি আংলং জিলাৰ দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে দুৰ্যোগ ব্যৱস্থাপনাৰ সম্পৰ্কে এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়৷ ডিফুত অগ্নি নিৰ্বাপক বাহিনৰ বিষয়া-কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় দূৰ্যোগ আৰু ব্যৱস্থাপনা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক সজাগৰ প্ৰশিক্ষণ দিয়ে৷

অহা ২১ জানুৱাৰীত দূৰ্যোগ আৰু ব্যৱস্থাপনাৰ ওপৰত হ'বলগীয়া ৰাষ্ট্ৰজোৰা সজাগতা কাৰ্যসূচীৰ প্ৰকামুহূৰ্তত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত চন্দ্ৰছিং টেৰণ মেম'ৰিয়ল হাইস্কুলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অগ্নি সংযোগ, ভূমিকম্প আৰু যিকোনো প্ৰাকৃতিক দূৰ্যোগৰ সময়ত ল'বলগীয়া প্ৰাথমিক ব্যৱস্থাপনাৰ সন্দৰ্ভত মক ড্ৰিল পদ্ধতিৰে সজাগতা অনাৰ লক্ষ্যৰে প্ৰশিক্ষণ প্ৰদান কৰে৷

প্ৰশিক্ষণ কালত ডিফু অগ্নি নিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপিৰ নেতৃত্বত দূৰ্যোগ আৰু ব্যৱস্থাপনাৰ বাবে নিয়োজিত সুৰক্ষা কৰ্মী অহাৰ পূৰ্বে কেনেদৰে সাৱধানতা লব পৰা যায় সেই সন্দৰ্ভত বিজ্ঞান সন্মত সজুঁলি সমূহ প্ৰদৰ্শন কৰে৷ আৰক্ষী, স্বাস্থ্যবিভাগ আৰু অসামৰিক সুৰক্ষা বিভাগৰ লোকৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণুৰেখা বৰা আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সমূহ উপস্থিত থাকে৷