ব্ৰিটিছ-খ্ৰীষ্টান মিছনেৰীৰ অৱদান অবিহনে বড়ো ভাষাই স্বীকৃতি নাপালেহেঁতেন

কোকৰাঝাৰঃ কোকৰাঝাৰৰ বালাগাঁৱৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বড়ো ভাষাৰ বিকাশৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ হৈছে। 

বড়ো ভাষাৰ বিকাশত ব্ৰিটিছ আৰু খ্ৰীষ্টান মিছনেৰীৰ অৱদান বিষয়ত অনুষ্ঠিত হোৱা আলোচনাচক্ৰত কেইবাগৰাকী বিদেশী সমল ব্যাক্তিয়েও অংশগ্ৰহণ কৰে। বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত বিটিচিৰ উপ-মুখ্য খাম্ফা বৰগয়াৰী, বড়ো সাহিত্যৰ কাণ্ডাৰীসকল উপস্থিত থাকে।

কোকৰাঝাৰৰ বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বড়ো ভাষাৰ বিকাশত ব্ৰিটিছ আৰু খ্ৰীষ্টান মিছনেৰীৰ অৱদান বিষয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত বড়ো ভাষাৰ বিকাশত ব্ৰিটিছ আৰু খ্ৰীষ্টান মিছনেৰীৰ অৱদান অবিহনে বড়ো ভাষাই স্বীকৃতি লাভ নকৰিলেহেতেঁন বুলি কৰ্মশালাত চৰ্চা হয়।