
দুলীয়াজানঃ বিহু আহি পালেহি৷ আৰু মাত্ৰ কেইটামান দিন, সকলোৱে ব্যস্ত হৈ পৰিছে আদৰৰ মাঘ বিহুক লৈ৷ মাঘ বিহু মানেই গাৱেঁ হওক, চহৰে হওক সকলোতে উখল মাখল পৰিৱেশ ৷ কোনোবা যদি মেজি সজোৱাত ব্যস্ত আন কোনোবাই ব্যস্ত হৈ পৰে মেজিৰ সা-সামগ্ৰী যোগান ধৰাত৷ মহিলা সকলো ব্যস্ত হৈ পৰিছে লাড়ু, পিঠা আদি বনোৱাৰ বাবে লাগতিয়াল খাদ্য সামগ্ৰী প্ৰস্তুত কৰাত৷
তাৰে মাজতে একাংশই আকৌ লগ-বন্ধুৰ সৈতে এইবাৰৰ বিহুত মাছ খাব নে মাংস খাব তাকে লৈ ব্যস্ত। মাঘৰ বিহুৱে সকলোৰে মাজতে আনি দিয়ে এক আনন্দৰ বতৰা৷ কাৰণ মাঘ বিহুক লৈয়ে বহুতৰ মাজতে বিভিন্ন ধৰণে পৰিকল্পনা কৰাওঁ দেখা যায়৷ কিদৰে বিহুটো উপভোগ কৰিব৷ কোনোবাই যদি পুখুৰিত মাছ ধৰিবলৈ যায় আন কোনোবাই পুৱাই বজাৰত মাছ কিনাৰ লগতে একেলগে পৰিয়ালৰ সকলোৱে মিলি এসাঁজ খাই আনন্দ উপভোগ কৰে৷
তাৰে মাজতে ১৯-২৯ জানুৱাৰীত দুলীয়াজানৰ বি টি খেলপথাৰত আঞ্চলিক সোনোৱাল কছাৰী নাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা । জানিব পৰা মতে, কৰ্মশালাত কেইবাগৰাকী আগশাৰীৰ প্ৰশিক্ষকে প্প্ৰৰশিক্দাষণ প্নৰদান কৰিব ৷ নিউজ লাইভৰ বৰ বিহুৱতি ২০১৫, বসন্তৰাণী ২০১৭ খ্যাতি অৰ্জন কৰা নাচনীয়েও প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷