এছিয়াৰ দীৰ্ঘতম দলঙৰ পিছত ভাৰত চৰকাৰে লাডাখত নিৰ্মান কৰিলে বিশ্বৰ উচ্চতম পথ

ডিজিটেল ডেস্কঃ অসমত এছিয়াৰ ভিতৰতে দীৰ্ঘতম দলং নিৰ্মাণ কৰি চৰ্চা লৈ অহা ভাৰত চৰকাৰে এইবাৰ বিশ্বৰ উচ্চতম পথটো নিৰ্মান কৰিলে জম্মু কাশ্মীৰৰ লাডাখত৷ লেহৰ পৰা ২৩০ কিলোমিটাৰ নিলগত চিচুম্লে আৰু ডেমচোক নামৰ দুখন ঠাইক সংযোগ কৰিব এই পথটোৱে।বৰ্ডাৰ ৰোড অৰ্গেনাইজেচন-এ ৮৬ কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ নিৰ্মাণ কৰিছে৷ এই অঞ্চল দুটা ইণ্ডো-পাক সীমান্তত৷

১৯.৩০০ ফুট উচ্চতাত এই পথটো উমলিংগ টপৰ সমীপৰে পাৰ হৈ যাব৷ চীন সীমান্তৱৰ্তী এই স্থানৰ প্ৰতিৰক্ষাৰ দিশৰ পৰা অতি গুৰুত্বপুৰ্ণ আৰু এই পথটোৱে হৈছে বিশ্বৰ উচ্চতম যানবাহন চলাচল কৰা পথ৷

বি আৰ অ’ৰ ব্ৰিগেডিয়েৰ ডিএম পুৰ্বিমাথে শুকুৰবাৰে ‘প্ৰজেক্ট হিমাংক’ৰ অধিনত পথটাৰ নিৰ্মাণ সম্পুৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে আৰু লগতে ইমান উচ্চতাত কাম কৰটো সহজসাধ্য নাছিল বুলি কৈ মাইনাচ ১০ ৰ পৰা ৪০ ডিগ্ৰীত জীৱন আৰু মৰণৰ সৈতে যুজি কাম কৰা বুলি কয়।