
বিশ্বনাথঃ ১৯৬৯ চনৰ পৰা শিশুৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন ধৰণৰ লিখা-মেলা কৰি অহা বসন্ত কৃষ্ণ বৰুৱাক অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ ৰাজ্যিক সমিতিয়ে দেওবাৰে সম্বৰ্দ্ধনা যাচে৷ বিশ্বনাথ জিলাৰ কোকিলা চাৰিআলিত জন্ম গ্ৰহণ কৰা শিশু সাহিত্যিক কবি, লেখক, বিশিষ্ট নাগৰিক, শিক্ষক বৰুৱাই মাইনা পাৰিজাতৰ সৈতে বছৰ বছৰ ধৰি জড়িত হৈ আছে৷
শিশুৰ শাৰীৰিক মানসিক তথা বৌদ্বিক বিকাশৰ চিন্তা, চৰ্চা কৰি বিভিন্ন লিখা মেলা কৰি আহিছে৷ তেওঁৰ লিখা-মেলাত সমাজত নিৰ্যাতন ভোগ কৰি অহা কিশোৰ, শিশু, দৰিদ্ৰ, শ্ৰমিকৰ সন্তানক আগবঢ়াই নিয়াৰ চিন্তাৰ প্ৰতিফলৰ ঘটা তেওৰ লিখনিত৷ অসহায়, পীড়িত শিশুৰ হিয়াৰ চকুলো, অন্তৰৰ বেদনা সমাজক লিখনিৰে প্ৰকাশ কৰি সমাজক জগাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷
বিশেষকৈ শিশু নাটক, প্ৰবন্ধ, গল্পৰ জৰিয়তে শিশুৰ বিভিন্ন সমস্যা, শিক্ষাৰ ক্ষেত্ৰত লব লগা যতনৰ কথা প্ৰকাশ কৰি আহিছে৷ ৯ খন শিশু নাটক, গল্প সংকলন, অনুভৱ, অপেক্ষাকৃত আইতা আৰু আমিৰ লগতে একাধিক কবিতা, ৰাজ্যখনৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে৷
বৰুৱাৰ নিজা বাসভৱনত অনুষ্ঠিত এক অনুষ্ঠান যোগে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ ৰাজ্যিক সমিতিৰ সভাপতি প্ৰকাশ কায়স্থ, উত্তৰ পূৱৰ সভাপতি ডাঃ কুকিল বৰুৱা আৰু মহাসভাৰ বিষয়-ববীয়া পংকজ বৰকটকী, বুবু বৈশ্য, দুলু ৰাজবংশীৰ উপস্থিতিত বসন্ত কৃষ্ণ বৰুৱাক সন্মান জনাই এখন সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, ফুলৰ থোপা প্ৰদান কৰা হয়৷ সভাত উপস্থিত থাকি ভাষন প্ৰদান কৰে বিশিষ্ট লেখক কবি সমাজসেৱক ভুবন চন্দ্ৰ বৰাই৷