গৰখীয়া থানৰ দৌল মহোৎসৱৰ স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থান বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলন তীৰ্থ হিচাপে পৰিচিত৷ প্ৰায় ৩০০ বছৰ গৰকা এই থানখনত প্ৰতি বছৰে চাৰিটা উৎসৱ বিশেষভাবে পালন কৰি অহা হয় ৷

'মাঘ বিহুৰ উৰুকা', শাওণ মাহত 'শৰাইৰ এদিন আৰু গৰখীয়া সবাহ', 'ভীম একাদশী' আৰু 'দৌল মহোৎসৱ' পালন কৰা হয়। ইয়াৰ ভিতৰত মহা ধুম-ধামেৰে উদযাপিত দৌল মহোৎসৱটিয়ে বছৰ বছৰ ধৰি আধ্যাত্মিক ভাৱৰ পৰিবেশ ৰচনাৰে এক মহামিলনৰ বাৰ্তা বোৱাই আহিছে৷ এইবাৰ এই দৌল মহোৎসৱটিয়ে সগৌৰবে ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে৷

এইবেলি এই উৎসৱটি বৰ্ণাঢ্যৰূপত আয়োজনৰ ব্যাপক প্ৰস্তুতি চলিছে৷ অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ উৎসৱৰ স্মৃতি ৰক্ষাৰ্থে প্ৰায় ডেৰ লাখ টকা ব্যয় সাপেক্ষে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিব সমিতিয়ে৷

স্মৃতিগ্ৰন্থত প্ৰকাশৰ বাবে লেখক-লেখিকাৰ পৰা প্ৰবন্ধৰ লগতে থানখনৰ সৈতে স্মৃতি বিজড়িত তথা অনুভৱ বিষয়ক লিখনি বিচৰা হৈছে৷ লিখনিসমূহ অহা ১০ জানুৱাৰীৰ ভিতৰত পোৱাকৈ স্পষ্ট হাতৰ আখৰ নতুবা 'গীতাঞ্জলী ফন্ট'ত কম্প’জ কৰি প্ৰাঞ্জল বৰদলৈ, জামগুৰি(বেবেজীয়া), নগাঁও(অসম), পিন-৭৮২১৪২ অথবা ই-মেইল pranjalbordoloi3@gmail.com ত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ সবিশেষ জানিবৰ বাবে ৯৯৫৪১-৫৯০৯৫ আৰু ৯৭০৭৭-৩২১৭৮ ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ইচ্ছুক ব্যক্তিসকলে৷