
newsnextone.com | নলবাৰীঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ২১ জুন তাৰিখটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হয়৷ এটি সুস্থ আৰু সবল শৰীৰ আৰু মনৰ অধিকাৰী হ’বলৈ যোগ সাধনা নিতান্তই প্ৰয়োজনীয়৷ এই কথা উপলব্ধি কৰিয়েই সমগ্ৰ বিশ্বত যাতে সুস্থ আৰু সবল মন, শৰীৰ বৃদ্ধি পায় তাৰ বাবেই প্ৰতিবছৰৰ ২১ জুন তাৰিখত বিশ্ব যোগ দিৱস উদযাপন কৰা হয়৷
বৃহস্পতিবাৰে যোগ দিৱস উদযাপনৰ প্ৰাক মুহূৰ্তত নলবাৰী নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বুধবাৰে জিলাখনৰ বাহঁজানী গোপালথান পলিটেকনিক ইনষ্টিটিউট হাইস্কুলৰ সভা গৃহত এটা যোগ প্ৰশিক্ষণ শিবিৰ হৈ যায়। প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে যোগ প্ৰশিক্ষণ পতঞ্জলিৰ নলবাৰী জিলা সভাপতি ভাস্কৰ শৰ্মা, জিলা প্ৰভাৰী মোহিনী ডেকা আৰু পতঞ্জলিৰ জিলা যোগ প্ৰচাৰক নয়নমণি শৰ্মাই।
বিদ্যালয় খনৰ শিক্ষক কুশল মজুমদাৰে আঁত ধৰা শিবিৰত নলবাৰী নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক কৰৱী তালুকদাৰ, বাৰতা যুৱ সংঘ, মহিলা সমিতিৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰী সহ মুঠ ৯০ গৰাকী লোকে প্ৰশিক্ষণ গ্ৰহণ কৰে। সামগ্ৰীক ভাৱে প্ৰকাশ ডেকাই পৰিচালনা কৰা শিবিৰত প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্য যোগ প্ৰশিক্ষণ পতঞ্জলিৰ নলবাৰী জিলা সভাপতি ভাস্কৰ শৰ্মাই কয় যে, যোগে মানৱ শৰীৰৰ প্ৰতিটো অংগ সুস্থ কৰি ৰাখে৷ যোগে মন শুদ্ধ কৰে বুলি দোহাৰি তেওঁ সকলো লোককে যোগাসন কৰিবলৈ পৰামৰ্শ দিয়ে৷