জাজৰিত দিব্যাংগই পালন কৰিলে যোগ দিৱস

জাজৰিঃ বিশ্বৰ বিভিন্ন চৰক‍ৰী আৰু বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে নিৰোগী জীৱন লাভৰ বাবে যোগ সাধন‍া কৰাৰ প্ৰয়াস কৰাৰ বিপৰীতে প্ৰতিবন্ধীসকল সমাজ তথা চৰকাৰৰ পৰা অৱহেলিত হৈ ৰয়৷

গুৱাহাটীৰ ‘সাগৰ ফাউণ্ডেচন’ৰ উদ্যোগত বটদ্ৰৱাৰ বিশেষভাবে সক্ষম বিদ্যালয়ৰ সহযোগত আজি জাজৰি অঞ্চলৰ দিব্যাংগক লৈ পুৱা ৭বজাৰ পৰা জাজৰি মাজগাঁৱত যোগৰ এক প্ৰশিক্ষন তথা বিশ্ব যোগ দিৱস পালন কৰা হয়।

সাগৰ ফাউণ্ডেচনৰ ৰাজ্যিক সমন্বয়ক মুস্তাফা কামাল, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক কমলা কোঁছ, ৰাহুল দেৱ বৰদলৈ, সমাজকৰ্মী মিজানুদ্দিন লস্কৰ উপস্থিত থকা অনুষ্ঠানত পাৰ্থপ্ৰতিম কলিতাই দিব্যাংগ ছাত্ৰ-ছাত্ৰীক লঘু যোগ প্ৰশিক্ষণ দিয়ে।

অহা ২৩ জুনত একে স্থানতে পুৱা ৭বজাৰ পৰা দিব্যাংগ সকলক লৈ খেল ধেমালি আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি সাগৰ ফাউণ্ডেচন কৰ্তৃপক্ষই জনাইছে।