দলগাৱঁত বনৰীয়া হাঁহ চিকাৰ কৰিবলৈ গৈ পুখুৰীত পৰি এজনৰ মৃত্যু

দৰঙৰ দলগাৱঁৰ বাগিছাকাষ গাঁৱত পুখুৰীৰ পৰা যুৱকৰ মৃতদেহ উদ্ধাৰ

দলগাওঁঃ দৰঙৰ দলগাঁৱৰ বাগিছাকাষ গাঁৱত  পুখুৰীৰ পৰা যুৱকৰ মৃতদেহ উদ্ধাৰ। যুৱক জন বাগিছাকাষ গাঁৱৰ জাকিৰ হুছেইন (৩১) বুলি চিনাক্ত হৈছে ।

জানিব পৰা মতে যুৱকজনে বনৰীয়া হাঁহ চিকাৰ কৰিবলৈ গৈ সতীৰ্থ বন্ধুৰ সৈতে পুখুৰীটোত নামিছিল ।  

দুটা সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷