কেমেৰা দেখিলে কান্দে ধিং গেটৰ কান্দুৰা ৰব্বুই

newsnextone.com | নগাঁওঃ ৰাজ্যত আজিও অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ-ব্ৰাউন চুগাৰৰ ব্যৱসায়৷ ৰাজ্যৰ কেইবাখনো জিলাত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় দ্ৰুত গতিত চলি থকা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে শুকুৰবাৰে নিশা নগাঁও জিলাত জালত পৰে এগৰাকী ব্ৰাউন চুগাৰৰ ব্যৱসায়ী৷ 

নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ অভিযানত এখন গাড়ী সহ জালত পৰা এগৰাকী যুৱক। নগাঁও চহৰৰ তেলীয়াপট্টিত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে ৰব্বু আমিন নামৰ যুৱকজনক। 

AS-O2-L-7743 নম্বৰৰ এখন মাৰুতি জেনত বিক্ৰী কৰিবলৈ আনিছিল ব্ৰাউন চুগাৰখিনি৷ যুৱকজনৰ গাড়ী খনৰ পৰা ৩৫ পেকেটকৈ ব্ৰাউন চুগাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ ৰব্বু আমিনৰ ঘৰ নগাঁৱৰ ধিং গেটত বুলি জানিবলৈ পৰা যায়৷ 

ৰব্বু আমিনক আটক কৰাৰ খবৰ লাভ কৰাৰ পিছতে একাংশ সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যায়৷ লাজকুৰিয়া আৰু মান সন্মানৰ ভয়ত ৰব্বু আমিনে সাংবাদিক দেখাৰ পিছতে কান্দিবলৈ আৰম্ভ কৰে৷ সাংবাদিকক কাকুতি মিনতি কৰি তেওঁৰ ফটো নুতুলিবলৈ অনুৰোধ জনায়৷ হাতেৰে মুখ ঢাকি ধৰি কেমেৰাৰ পৰা নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰে৷ বহু সময় কান্দি কাতি হায়ৰাণ হৈ পৰে ৰব্বুলে৷ ইমানে যদি মান সন্মানক ভয়ে কৰা তেন্তে অবৈধ ব্যৱসায় কিয় কৰা বুলি নগাঁৱৰ সাংবাদিকে কবলৈ বাধ্য হয়৷