চোৰৰ দিন বেয়া আছিল, বাইক বিক্ৰী কৰি টকা হাতত লবই নাপালে

চামগুৰিঃ নগাঁও জিলাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই দুই বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়৷ সঘনাই জিলা খনত কাণ্ড সংঘটিত হৈ অহাৰ সময়তে চামগুৰি আৰক্ষীয়ে আমনিত বাইক চোৰ আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নগাঁও জিলাৰ ব্যৱসায়ীক ব্যস্ততাপূৰ্ণ অঞ্চল আমনিত ৰছিদুল হ'ক (২৩) নামৰ যুৱকজনে এখন বাইক বেচিবলৈ দৰদাম কৰি থকা অৱস্থাতে চামগুৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

পাছত আটকাধীন সোনাৰিবালিৰ ৰছিদুল হ'কৰ স্বীকাৰোক্তিৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰমাবিলৰ পৰা ৰছিদুলৰ সহযোগী বাইক চোৰ আবু তাহেৰ (৪৪)ক আৰক্ষীয়ে আটক কৰে৷ নম্বৰপ্লেট অাঁতৰাই বিক্ৰী কৰিবলৈ চেষ্টা কৰা পালছাৰ বাইকখন জুৰীয়াৰ ৰফিকুল ইছলাম নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে৷ যোৱা ২৬ নবেম্বৰত নগাঁও চহৰৰ পৰা চুৰি কৰিছিল বাইক খন৷