
ওদালগুৰিঃ মাঘ বিহুৰ দুদিন পূৰ্বে সকলোৰে আপোন খেলুৱৈইগৰাকীয়ে সকলোকে এই পৃথিৱীৰ পৰা মেলানি মাগিলে।সপোন বোৰ বুকুত বান্ধি লৈ অচিনা দেশলৈ গ’ল ওদালগুৰি চহৰৰ প্ৰতিভাৱান খেলুৱৈ দিপাংকৰ তালুকদাৰে(২৯)।
বুধবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত গুৱাহাটীৰ এপ'লো হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে দিপাংকৰে। স্বৰ্গীয় নিৰোদ তালুকদাৰ আৰু দিনা তালুকদাৰৰ কনিষ্ঠ পুত্ৰ অমায়িক যুৱক দিপাংৰৰ মৃত্যুত সমগ্ৰ ওদালগুৰি চহৰতে শোকৰ ছাঁ পৰে। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জণ্ডিজ ৰোগত আক্ৰান্ত হৈ থকা দিপাংকৰে এই বিষয়ে ঘৰৰ কোনো সদস্যকে জনোৱা নাছিল।
বিগত ৫ জানুৱাৰীত হঠাৎ অসুস্থ হৈ পৰাত দিপাংকৰে নিজ গৃহলৈ আহি জিৰণি লয়। ইয়াৰ পাছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰে পৰিয়ালৰ লোকে। চিকিৎসকে দিপাংকৰক আইচিইউত ৰাখিছিল যদিও বুধবাৰে পুৱতি নিশা দিপাংকৰে শেষ নিশ্বাস ত্যাগ কৰে। এগৰাকী প্ৰতিভাৱান সতীৰ্থ খেলুৱৈৰ অকাল মৃত্যুত স্বভাৱিকতে শোকত ভাগি পৰিছে সতীৰ্থ খেলুৱৈৰ লগতে ওদালগুৰিবাসী।
ক্ৰীড়া জগতৰ বিশেষকৈ ক্ৰিকেট খেলত ইতিমধ্যে নিজ প্ৰতিভাৰ চিনাকী দিবলৈ সক্ষম হোৱা জিলা পৰ্যায়ৰ বহু খেলত অংশ লৈ সুনাম কঢ়িওৱা দিপাংকৰে ওদালগুৰি চিক্ৰেট হাৰ্ট বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল। পৰৱৰ্তী সময়ত এচবোফ'ৰ্ড একাডেমী কনিষ্ঠ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ শিক্ষা লাভ কৰি ওদালগুৰি মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল।