মুম্বাইত লংকাৰ যুৱকৰ মৃত্যু

লংকাঃ বহিৰাজ্যত উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ যোৱা যুৱকে মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে লংকাত। শ্বেকৰুল আহমেদ নামৰ ২৬ বৰ্ষীয় যুৱকজনে হায়দৰাবাদত এমবিএ কৰি চাকৰিসূত্ৰে মুম্বাইত বাস কৰি আছিল।

 লংকাৰ ফৰমাৰপাৰৰ আব্দুল হেকিমৰ পুত্ৰ আহমেদে চাৰিদিন ধৰি নিৰুদ্দেশ হৈ আছিল। তাৰ পিছতে উদ্ধাৰ হয় শ্বেকৰুলৰ মৃতদেহ। প্ৰতিভাৱান যুৱকজনৰ এনে অকাল বিয়োগত মৰ্মাহত হৈছে পৰিয়ালবৰ্গৰ লগতে চুবুৰীয়া।