এনআৰচিৰ পুনৰীক্ষণৰ বাবে অহা যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

ওদালগুৰিঃ কোকৰাঝাৰ জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ উপ-পৰিদৰ্শক তথা এনআৰচিৰ বিষয়া নাৰায়ণ বৰালক এনআৰচিৰ দায়িত্ব সমাপন কৰি ঘৰলৈ উভতি অহাৰ সময়তে ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা বনাঞ্চলত অচিনাক্ত দুৰ্বৃত্তই যোৱা ২ মে’ত হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে বিটিএডিত  

এনআৰচিৰ পৰীক্ষণৰ বাবে অহা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ৰাজ্যজুৰি এনআৰচিৰ পুনৰীক্ষণৰ কাম চলি থকাৰ সময়তে ওদালগুৰিৰ সংঘটিত হয় এই ঘটনা। এনআৰচিৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অহা এজন যুৱক নিৰুদ্দেশ হোৱাৰ পাছত মঙলবাৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ওদালগুৰিত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত জলিল আলী(২২) নামৰ যুৱকজনৰ মৃতদেহ গলন্দী নৈৰ ৰেলৱে দলঙৰ তলত উদ্ধাৰ হয়। 

পৰিয়ালৰ লোকে জনোৱা মতে, জলিল আলীয়ে এনআৰচিৰ পুনৰীক্ষণৰ বাবে সোমবাৰে মাজবাটৰ পৰা পৰিয়ালৰ আন সদস্যৰ সৈতে ওদালগুৰিলৈ আহিছিল। পুনৰীক্ষণ পৰ্ব সম্পন্ন হোৱাৰ পাছত পৰিয়ালৰ আন সদস্যৰ সৈতে যুৱকজন ৰেলযোগে মাজবাটস্থিত গৃহলৈ যাত্ৰা কৰে। ৰেলযাত্ৰীৰ ভিৰৰ বাবে তেওঁৰ পৰিয়াল আৰু যুৱকজন দুটা বেলেগ দবাত উঠে। জলিল আলীয়ে পৰিয়ালৰ আন সদস্যৰ সৈতে বিচ্ছিন্ন হৈ বন্ধুৰ সৈতে অন্য দবাত বহে। মাজবাট ৰেল ষ্টেচনত ৰেলখন গৈ পোৱাৰ পাছত জলিলক প্ৰত্যক্ষ নকৰাত পৰিয়ালৰ লোকে যুৱকজনক বিচাৰ খোচাৰ কৰে যদিও সন্ধান লাভ কৰিবলৈ সক্ষম নহয়৷ 

ফলত পৰিয়ালৰ লোকে ৰেল আৰক্ষীৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পাছত মঙলবাৰে পুৱা ওদালগুৰি চহৰৰ গলন্দী নৈৰ ৰেলৱে দলঙৰ তলত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ৰেল আৰক্ষীয়ে জলিলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। পৰিয়ালৰ লোকে মৃতদেহটো জলিলৰ বুলি চিনাক্ত কৰাৰ পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷