বিজ্ঞানৰ স্নাতক হোজাইৰ মস্তাকে কাঠফুলাৰ খেতি কৰি থিয় দিছে নিজৰ ভৰিত

newsnextone.com | মোৰাঝাৰঃ কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হৈছে অসমৰ এগৰাকী যুৱক৷ হোজাই জিলাৰ যুৱক মস্তাক আহমেদ লস্কৰে কাঠফুলাৰ খেতি কৰি নিজৰ ভৰিত থিয় দিছে৷ হোজাই জিলাৰ নীলবাগানৰ উওৰ আশীনগৰৰ বাসিন্দা আফতাব উদ্দিন লস্কৰৰ পুত্ৰ মস্তাক আহমেদ লস্কৰে পিতৃৰ উপাৰ্জনক আশা নকৰি নিজেই উপাৰ্জন কৰি পিতৃৰ সমানে সমানে পৰিয়াল চলোৱাত সহায় কৰে৷ 

বিভিন্ন ঠাইত মাশ্ৰুম খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কাঠফুলা খেতিত মনোনিৱেশ কৰিছিল তেওঁ। বৰ্তমান এগৰাকী আগশাৰীৰ যুৱ খেতিয়ক মস্তাক৷ যিটো সময়ত অসমৰ যুৱক-যুৱতীয়ে এটি চৰকাৰী চাকৰি বিচাৰি হায়ৰাণ হৈ পৰিছে তেনে সময়তে ৰাজ্য খনৰ একাংশ যুৱকে অশেষ কষ্টৰে চাকৰি অবিহনে সফলো হোৱা দেখা যায়৷ তেনেই এজন যুৱক হৈছে হোজাই জিলাৰ নীলবাগানৰ উওৰ আশীনগৰৰ বাসিন্দা আফতাব উদ্দিন লস্কৰৰ পুত্ৰ মস্তাক আহমেদ লস্কৰ৷

মস্তাক আহমেদে নিজ গাঁও আশীনগৰতে এম এন নাৰ্চাৰী তথা মাশ্ৰুম ফাৰ্ম নামেৰে এখন ফাৰ্ম খুলি নিজই স্বাৱলম্বী হৈছে৷ মস্তাকৰ পিতৃ-মাতৃ শিক্ষক যদিও পিতৃ-মাতৃৰ টকাক ভৰষা নকৰি ছাত্ৰ জীৱনৰ পৰাই নিজেই কিবা এটা কৰাৰ বাবে চিন্তা কৰি এম এন নাৰ্চাৰী তথা মাশ্ৰুম ফাৰ্মৰ জন্ম দিছিল৷

মস্তাক তেওঁৰ শিক্ষাগুৰু সাহিত্যিক, কবি, অধ্যাপক ৰাজীৱ হুচেইনৰ পাৰ অনুপ্ৰেৰণা লাভ কৰি বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰী লোৱাৰ লগতে চাকৰি বিচাৰি ঘুৰি নুফুৰি নিজেই একক প্ৰচেষ্টাৰে স্বাৱলম্বী হৈ এক নিদৰ্শন দাঙি ধৰিছে৷ এতিয়া মস্তাকৰ কাঠফুলা লংকা চহৰৰ অভিজাত হোটেলত বিক্ৰী হয়৷

ইমানে নহয় তেওঁৰ নাৰ্চাৰীত বিভিন্ন প্ৰকাৰৰ ফুল, ফল, মূল্যবান গছৰ পুলি পোৱা যায়৷ বজাৰৰ পৰা বীজ কিনি আনি পুলি সমূহৰ উৎপাদন কৰে আৰু বিভিন্ন বজাকত পুলিসমূহ বিক্ৰী কৰে৷ 

তেওঁ কোনো বেংকৰ ঋণ নোলোৱাকৈ নাৰ্চাৰী খুলি সফল হোৱা বুলি কয় এই প্ৰতিবেদকক৷ নিজ ঘৰতে অতি কষ্টৰে কাঠফুলা উৎপাদন কৰি বজাৰত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰে মস্তাকে৷ মাহেকত প্ৰায় চাৰি কুইণ্টল মাশ্ৰুম উৎপাদন কৰি অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ হোজাই জিলাৰ জিলাৰ লগতে গুৱাহাটী, নগাঁও, কাৰ্বি আংলঙৰ বজাৰ দখল কৰিবলৈ সক্ষম হ’ব বুলি কয় মস্তাকে। বছৰি ভাল টকা উপাৰ্জন কৰি অসমৰ যুৱকৰ বাবে আদৰ্শস্বৰূপ হ’ব খোজে মস্তাকে।

উল্লেখ্য যে, আমাৰ দেশত কাঠফুলাৰ ব্যঞ্জন অতি প্ৰিয়৷ কাঠফুলাৰ ব্যঞ্জন প্ৰিয় হোৱাৰ ফলতেই কাঠফুলাৰ চাহিদা দিনক দিনে বৃদ্ধি হৈছে৷ চাহিদা দিনে দিনে বৃদ্ধি হৈ অহাৰ ফলতে পুষ্টিকৰ খাদ্যবিধৰ দামো বৃদ্ধি হৈছে৷ সুঠাম শৰীৰ আৰু স্বাস্থ্যৰ বাবে কাঠফুলা অৰ্থাত মাশ্ৰুম উপযোগী বুলি বিভিন্ন সময়ত চৰ্চাও হৈ আহিছে৷

কাঠফুলাই খালে হেনো মানুহে সকলো ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰে৷ কাঠফুলাৰ উৎপাদন অসমৰ গাঁৱে-ভূঞেওঁ হোৱা দেখা যায়৷ একাংশ শিক্ষিত যুৱক তথা পৰিয়ালে কাঠফুলাৰ উৎপাদনক উপাৰ্জনৰ মাধ্যম হিচাপে লোৱা দেখা গৈছে৷ আমাৰ ৰাজ্য খনৰ আন আন খেতিয়কৰ সমানে সমানে কাঠফুলাৰ লাভজনক উৎপাদন কৰি ব্যৱসায়ীক দিশত স্বাৱলম্বী হৈছে অসমৰ বহু যুৱক।