বিজয়াৰ বিফল সন্ধ্যাত সন্ধানহীন কমল

বঢ়মপুৰঃ দশমীৰ নিশা দেৱী উটুলীাবলৈ সন্ধানহীন হৈ থাকিল এজন যুৱক৷ চামগুৰিৰ আমনিত উলহ মালহেৰে দুৰ্গতিনাশিনীক সুঁৱৰি দশমীৰ বেলা দ্বীজু নৈত দেৱী উটুৱাহলৈ গৈছিল কমল দেৱনাথ নামৰ ২২ বছৰীয়া যুৱকজনে৷

ৰং-ৰইচৰ মাজেৰে বন্ধুৰ সতে দেৱীক বিদায় দিবলৈ যোৱা কমল পিছে নিজেই বিদায় লৈ সন্ধানহীন হৈ পৰে৷ আনহাতে একাংশ ৰাইজে অমলৰ সলিল সমাধি ঘটাৰ আশংকা কৰিছে৷

ইফালে পূৱাৰে পৰা দ্বীজুনৈত SDRF বাহিনীয়ে যুৱকজনৰ সন্ধান উলিয়াবলৈ আভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্য্যন্ত কমল নামৰ যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷