নাগালেণ্ডৰ মৰেল পুলিচে খুঁটাত বান্ধি শিলাবৰ্ষণ কৰি বৰ্বৰ শাস্তি দিলে অসমৰ যুৱকক

newsnextone.com | ডিমাপুৰঃ নাগালেণ্ডৰ মন জিলাত ধৰ্ষণৰ অভিযোগত পুনৰ অসমৰ যুৱকক ৰাজহুৱা শাস্তি দিলে ৰাইজে৷ লোৰ খুঁটাত বান্ধি শিলাবৰ্ষণ কৰি বৰ্বৰ ভাবে আক্ৰমণ কৰাৰ ফলত লেবেজান হৈ পৰে অসমৰ যুৱকজন৷ এগৰাকী কিশোৰীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ 

মৰেল পুলিচৰ এই কাণ্ডই উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আইন হাতত তুলি খুঁটাত বান্ধি ওলোমাই মাৰধৰ কৰে যুৱকজনক৷ মৰেল পুলিচে আইন হাতত তুলি লৈ উলংগ কৰি নিজেই শাস্তি দিয়ে৷ নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ লগতে বহু লোকে শিলাবৰ্ষণ কৰে৷ 

জানিব পৰা মতে, যুৱকজনৰ ঘৰ ডিব্ৰুগড় জিলাত৷ ৰাহুল সেন নামৰ যুৱকজন এখন দোকানৰ কৰ্মচাৰী আছিল৷ সময়তকৈ বহু পলমকৈ আৰক্ষীৰ উপস্থিত হয় আৰু মৰেল পুলিচৰ হাতৰ পৰা যুৱকজনক উদ্ধাৰ কৰাৰ পিছতেহে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ৷ ইয়াৰ পূৰ্বে ডিমাপুৰত জেল ভঙি উলিয়াই আনি গণ প্ৰহাৰ কৰাৰ ফলত মৃত্যু হৈছিল অসমৰ এজন লোকৰ৷