
চতিয়াঃ আপকুৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে ফিল'বাৰীৰ উদীয়মান সাংবাদিক কিৰণজ্যোতি হাজৰিকা সোঁৱৰণী ৰাজ্যিক যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে৷
প্ৰথম বৰ্ষৰ যুৱ সাংবাদিকতাৰ বঁটা যুৱ সাংবাদিক ঋতুস্মিন শৰ্মাক প্ৰদান কৰাৰ ঘোষণা কৰিছে আপকুৱে৷ আপকুৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত এই বঁটা অহা ২২ অক্টোবৰত মাৰ্ঘেৰিটাত প্ৰদান কৰা হ’ব বুলি শনিবাৰে বিয়লি আপকুৰ মাৰ্ঘেৰিটা সমিতিয়ে জানিবলৈ দিয়ে৷
আপকুৰ ফালৰ পৰা প্ৰদান কৰিবলগীয়া যুৱ সাংবাদিকতাৰ বঁটাত থাকিব এখন প্ৰশস্তি পত্ৰ, এখন চেলেং চাদৰ আৰু নগদ ধনৰ টোপোলা। ৰাজ্যিক যুৱ সাংবাদিকতাৰ এই বঁটা প্ৰতি দুবছৰৰ মূৰে মূৰে আপকুৱে প্ৰদান কৰিব বুলি উল্লেখ কৰে৷