ডিফু চহৰত চীপলৈ যুৱকৰ আত্মহত্যা

List25
List25

ডিফুঃ শুকুৰবাৰে পুৱা কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ এজন যুৱকে ভাড়াঘৰত চীপ লৈ আত্মহত্যা কৰাৰ ঘটনাই চহৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰে৷

ডিফু ৰেল কল'নিৰ ২নং প্লেটফৰ্মৰ সমীপৰ সাহেদ আলীৰ পুত্ৰ ছাদিকুল ইছলামে (২০) নিশা প্ৰায় ১ বজাত ঘৰত প্ৰৱেশ কৰাৰ পিছত পুৱা যুৱকজনক নিজৰ কোঠাত গামোছাৰে চীপলৈ থকা প্ৰত্যক্ষ কৰে পৰিয়ালে৷ যুৱকজনে মিস্ত্ৰী হিচাপে কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিল৷

বাতৰি লিখা পৰলৈকে আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই৷ জিলা কাৰ্যাবাহী দণ্ডাধীশ উপাসনা দত্তৰ উপস্থিতিত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি ডিফু অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে৷ ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপেন দাসে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত অব্যাহত ৰাখিছে৷