জুবিনে ক’লে কামাখ্যাই বলি নিবিছাৰে, ক্ষমা নোখোজা পৰ্যন্ত শক্তিপীঠত প্ৰৱেশ কৰিব নিদিয়ে জুবিনক

newsnextone.com | গুৱাহাটীঃ মাজতে কিছুদিন বিতৰ্কৰ পৰা আঁতৰত আছিল অসমৰ যুৱ প্ৰজন্মৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ৷ পূৰ্বে বিহুৰ মঞ্চত ইটোৰ পিছত সিটো বিতৰ্ক কৰিছিল যদিও এইবেলি জুবিনে বিতৰ্কহীনভাৱে অনুষ্ঠান পৰিৱেশন কৰি আহিছে৷ কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছিল৷

কিন্তু ব’হাগ বিহু বিদায়ৰ মুহূৰ্তত বিতৰ্কত সাঙোৰ খাই পৰিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংগীত পৰিৱেশন কৰি হেজাৰ হেজাৰ শ্ৰোতাক মোহাছন্ন কৰি ৰাখিব পৰা জনপ্ৰিয়শিল্পী গৰাকীয়ে কৰা মন্তব্যই সময়ে সময়ে বিতৰ্ক সৃষ্টি কৰি অহাৰ লগতে বিভিন্ন জনৰো সমালোচনাৰো সন্মুখীন হৈ আহিছে জনপ্ৰিয় শিল্পীগৰাকী৷

সোমবাৰে নিশা কামাখ্যাৰ সংগীতানুষ্ঠান সংগীত পৰিৱেশন কৰাৰ মাজতে জনপ্ৰিয় শিল্পীগৰাকীয়ে কৰা আন এক মন্তব্যৰে জুবিন গাৰ্গ বিতৰ্কৰ আওতাত সোমাই পৰা পৰিলক্ষিত হৈছে৷ শক্তিপীঠ কামাখ্যাৰ বলি বিধান সন্দৰ্ভত কৰা শিল্পী গৰাকীৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে ধৰ্মানুৰাগী লোকসকল৷

উল্লেখ্য যে, সোমবাৰে নিশা কামাখ্যাৰ এখন সাংস্কৃতিক মঞ্চত আমন্ত্ৰিত শিল্পী আছিল জুবিন গাৰ্গ৷ মঞ্চত গীত পৰিৱেশন কৰাৰ মাজতে তেওঁ শক্তিপীঠ কামাখ্যৰ বিষয়ে মন্তব্য কৰি কয় যে কামাখ্যাই বলি নিবিচাৰে৷ গতিকে বলি বিধান বন্ধ কৰিব লাগে৷ 

বলীউডৰ অভিনেতা গোবিন্দাই কামাখ্যাত ম’হ বলি দিয়া সন্দৰ্ভতো মন্তব্য কৰে জুবিনে৷ শিল্পীগৰাকীয়ে কয়, কামাখ্যাত ম’হ বলি দিয়াতকৈ নিজক বলি দিব লাগে৷ কামাখ্যা দেৱীয়ে বলি বিচৰা নাই৷ গতিকে বলি কিয় দিব লাগে৷ বলি বিধান বন্ধ কৰাৰ সপক্ষে কয় জুবিন গাৰ্গে৷

জুবিনৰ এই মন্তব্যৰ পিছতে শিল্পীগৰাকীয়ে সাংস্কৃতিক মঞ্চত ধৰ্মীয় অনুভূতিক আঘাত হনা বুলি মন্তব্য কৰি শিল্পীগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শক্তিপীঠ খনৰ পৰিচালনা সমিতিৰ একাংশ লোকৰ লগতে ধৰ্মীয় ৰাইজ৷ 

কামাখ্যাৰ দলৈ কবিন্দ্ৰ শৰ্মা আৰু পৰিচালনা সমিতিৰ একাংশ বিষয়-ববীয়াই সাংস্কৃতিক অনুষ্ঠানত জুবিনে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জুবিন অসমৰ জনপ্ৰিয় শিল্পী৷ শিল্পী হিচাপে তেওঁ সদায় সমাদৃত৷ তেওঁ শিল্পী হিচাপেই থকা উচিত৷ কামাখ্যা বা আন দেৱ দেৱীৰ মন্দিৰৰ প্ৰথাক লৈ জুবিনে কোনোধৰণৰ মন্তব্য প্ৰকাশ নকৰিলেই ভাল বুলিও শিল্পীগৰাকীৰ সকিয়াই দিয়ে একাংশই৷

আনহাতে কামাখ্যাৰ বলি বিধান যুগ যুগান্তৰৰ পৰা চলি অহা বুলি সোৱৰাই দি জুবিন গাৰ্গে কামাখ্যাৰ বলি বিধান প্ৰথাৰ বিষয়ে একো নাজানে বুলিও মন্তব্য কৰে শক্তিপীঠখনৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াই৷ আনহাতে জুবিনে কৰা মন্তব্যৰ ক্ষমা নোখোজা পৰ্যন্ত শিল্পীগৰাকীক শক্তিপীঠখনত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও মন্তব্য কৰে বিষয়-ববীয়াসকলে৷