
বঢ়মপুৰঃ নেৰা নেপেৰা বৰষুণৰ মাজতে জুবিনৰ দলে দেখুৱালে ভৰিৰ যাদু৷ দেওবাৰে বঢ়মপুৰত অনুষ্ঠিত জুবিন গাৰ্গ একাদশ আৰু কচকো একাদশৰ মাজত প্ৰীতি ফুটবল মেচত জুবিন গাৰ্গৰ দল বিজয়ী হয়। ফুটবল খেলখন উপভোগ কৰাৰ বাবে বঢ়মপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগী আৰু ফুটবল প্ৰেমী দৰ্শকেৰে ভৰি পৰে বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ৷
কলাগুৰু বিষ্ণুৰাভা ফাউণ্ডেছনৰ সাহায্যৰ বাবে অনুষ্ঠিত কৰা ফুটবল খেলত ৪-০ গলত জুবিন একাদশে জয়লাভ কৰে। খেলৰ মাজতে জুবিনৰ অসমীয়া চিনেমা প্ৰিয়াৰ প্ৰিয় উপভোগ কৰাৰ বাবে ৰাইজক অনুৰোধ জনায়।
জুবিন গাৰ্গৰ নতুন ছবিখনত জুবিনক কমেডিয়ানৰ ৰূপত দেখা পোৱা যাব বুলি জুবিনে খোদ জানিবলৈ দিয়ে। খেলখনত জুবিন একাদশৰ হৈ প্ৰথমটো গল দিয়ে সুনীল বৰাই। দ্বিতীয়তো গল দিয়ে বাবুয়ে, তৃতীয়তো গল দিয়ে জুবিন গাৰ্গে, চতুৰ্থ গলটো দিয়ে অজয় ফুকনে।