মহিলাই ৰক্ষা কৰিব লাগিছিল দুই যুৱকক, উপায়ুক্তক পাগল আখ্যা জুবিনৰ

newsnextone.com | গুৱাহাটীঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে৷ দেওবাৰে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

সোমবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ কাছাৰীঘাটত মৌন অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে৷ কেইবাগৰাকী শিল্পী, জুবিন অনুৰাগী, জুবিন ফেনচ ক্লাৱৰ শ-শ সতীৰ্থৰ উপস্থিতিত এই প্ৰতিবাদ সাব্যস্ত কৰে জুবিন গাৰ্গে৷ মুখত কলা কাপোৰ বান্ধি মৌন অৱস্থান কৰে জুবিন গাৰ্গ আৰু জুবিন অনুৰাগীয়ে৷

জুবিন গাৰ্গে সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত যাতে ভুল বুজাবজি নহয় আৰু সংঘাতৰ সৃষ্টি নহয় আৰু সংঘাত ৰোধ কৰিব লাগিব বুলিও মন্তব্য আগবঢ়ায় জুবিন গাৰ্গে। জুবিনে আমি সকলোৱে লাগি আছো বুলি কৈ অসমীয়াৰ ভাষাৰ কাৰণে লাগি আছো সংস্কৃতিৰ কাৰণে লাগি আছো বুলি কয়৷

জুবিনে কয় ‘‘এতিয়া কথাটো হ’ল কথা সাম্প্ৰদায়িক হ’ব নালাগে৷ কাৰ্বি আংলঙত হ’ল বা নাগালেণ্ডত হৈছে তেনে ঘটনা ঘটিব পাৰে সেইটো বেলেগ কথা৷ সকলো মানুহ বেয়া নহয় নহয়৷ যি কেইজনে এই কাম কৰিছে তেওঁলোকক ধৰিছে৷ কথাবোৰ ডাঙৰ কৰিব নাপায়৷ দুখৰ কথা এইটো ভাল ভাল অসমৰ লৰা শিক্ষিত লৰা এনেকৈ মৰাটো এটা আঁচৰিত কথা৷’’

আন হাতে জুবিন গাৰ্গে মোৰ খং উঠে বুলি কৈ মোক মৰা হ’লে পাঁচটা মাৰি থৈ আহিলোহেতেন বুলি কয়৷ পুনৰ জুবিনে এনে কৰিব নালাগে বুলি কৈ ময়ো খংত কৈছো বুলি কয়৷ সৰু সৰু ল’ৰা মৰিছে চবে দুখ কৰিছে৷ শান্ত হ’ব লাগে৷ গাঁও এখনৰ মাজত মাৰিছে তাত মহিলাসকল আছিল৷ তেওলোকে আগভাগ ল’ব লাগিছিল আচলতে৷ মহিলাসকলে আগভাগ ললে তেওঁলোক নমৰিল হেতেন বুলিও কয় জুবিনে৷

জুবিনে পুনৰ কয় ‘‘মহিলাসকলে আগভাগ ললে আজি এনে পৰিস্থিতি নহ’ল হেতেন৷ তেওঁলোকে চাই আছিল৷ তেওঁলোকৰ কোনোবাজন স্বামী হ’ব পাৰে৷ কোনোবা ককায়েক নতুবা কোনোবাজন বয়ফ্ৰেণ্ড হ’ব পাৰে৷ মহিলাসকল ওলাই অহা হ’ল এনে ঘটনা সংঘটিত নহলহেতেন৷ কিন্তু নাৰীৰ সুৰক্ষাৰ কাৰণে আমি সকলোৱে কান্দো৷ পুৰুষৰ সুৰক্ষাৰ কি? মহিলাসকল ওলাই আহিব লাগিব৷’’

জুবিনে কু সংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগ হোৱাৰ লগতে এনে বিষয়ে মানুহক ক্ষতি কৰে বুলি কয়৷ গাঁও খনৰ সকলোৱে ফেচবুক-হোৱাটছএপ থিকেই জানে৷ কিন্তু লিটেৰেচি ব্ৰেইনতহে আহিব লাগিব বুলি কয়৷ এটা ভিডিঅ’টো দেখা গৈছে পুলিচ এজনে ভিডিঅ’ত ফটো তুলি আছে৷ তাৰ ডিউতি কি আছিল৷ পুলিচৰ ডিউতি কি আছিল প্ৰটেক কৰা৷ বিৰ জৱান৷ লাগিলে মৰি যাব লাগিব৷ গুলী খাম লাগিলে মৰি যাম৷ 

আনহাতে জুবিনে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ মন্তব্যক উভতি ধৰি জুবিনে উপায়ুক্তক পাগল আখ্যা দিয়ে৷ তেনেকুৱা ডিচি আমাক নালাগে বুলি কয়৷ মোৰ দেউতাও মেজিষ্ট্ৰেট আছিল আৰু তেওঁ ডিচি হৈ অৱসৰ লোৱা বুলি কয়৷ মই এনে ডিচি দেখা নাই৷ সেই খন বিদেশ নেকি আৰক্ষীক খবৰ দি সোমাব লাগিব নেকি৷ এনে ডিচিয়ে একো নাজানে৷ আমাৰ সংস্কৃতি কোন ঠাই কেনেকুৱা সেই কথা জানিব লাগিছিল৷ কেওঁ একো নাজানে৷ তেওঁক বাংলাদেশত পঠাই দিলে হ’ল বুলি কয় জুবিনে৷